Skip to main content
LagatiyalHome
Other

আইলৈ এখন চিঠি

By Pranjit Gogoi ·

মৰমৰ আই,

তোমাৰ চিঠি পালোঁ। ইয়াত মই ভালে আছোঁ, পঢ়া-শুনাও ভালদৰে চলি আছে। হোষ্টেলৰ ভাত তোমাৰ হাতৰ ভাতৰ দৰে নহয়, কিন্তু খাই থাকোঁ। এইবাৰ মাছৰ টেঙাখন মনত পৰি থাকিল।

আগৰ সপ্তাহত মক টেষ্টত ভাল নম্বৰ পালোঁ। অংকত অলপ দুৰ্বল আছিলোঁ, এতিয়া প্ৰতিদিনে অনুশীলন কৰি আছোঁ। শিক্ষকে কৈছে, এনেদৰে চলিলে ফল ভাল হ'ব।

দেউতাক ক'বা, বেছি কাম নকৰিব। ভনটিক ক'বা, মই তাইৰ বাবে এখন কিতাপ লৈ যাম। বাৰীৰ লাওপাতৰ জোপাটো ডাঙৰ হ'লনে?

বিহুৰ ছুটিত ঘৰলৈ যাম। তুমি চিন্তা নকৰিবা। নিজৰ যত্ন ল'বা।

তোমাৰ মৰমৰ,
বাবু

No likes yet
ShareWhatsAppFacebookX
Report this piece

Tell the editors if this piece is inappropriate or copies someone else's work.

What's the problem?

For copyright, say where the original was published and how you're connected to it.