Skip to main content
LagatiyalHome
Poem

ব্ৰহ্মপুত্ৰৰ পাৰত সন্ধিয়া

By Pranjit Gogoi ·

ৰঙা ৰ'দৰ শেষ চেকুৰা
বালিচৰত বহি জিৰায়,
মাছমৰীয়াৰ নাওখনে
লাহে লাহে ঘাটলৈ যায়।

পানীত ভাহে আকাশখন,
ভাহে দূৰৰ পাহাৰৰ ছাঁ,
বতাহে কয় কাণে কাণে
আজিৰ দিনটো ভালেই গ'ল।

গৰখীয়াই গৰু খেদি
উভতি আহে বাটে বাটে,
চাকি জ্বলে ঘৰে ঘৰে
নামৰ সুৰ ভাহে ঘাটে ঘাটে।

ব্ৰহ্মপুত্ৰ, তুমি বোৱা
যুগে যুগে একে সুৰত,
আমাৰ সুখ-দুখৰ কথা
সাঁচি ৰাখা নিজৰ বুকুত।

No likes yet
ShareWhatsAppFacebookX
Report this piece

Tell the editors if this piece is inappropriate or copies someone else's work.

What's the problem?

For copyright, say where the original was published and how you're connected to it.